Show/Hide Keyboard Layout

কোনে জানে তোমাৰ সপোন

- মহম্মদ ৰফী

কোনে জানে তোমাৰ সপোন

হ’ব নে পূৰণ ?

আকাশতে থকাজনে

লিখে কপালৰ লিখন ।

 

জীৱনৰে ছবি আঁকি

কোনে সজাই দিব ?

আকাশতে থকাজনে

লিখে কপালৰ লিখন ।

 

জীৱন বীণাৰ আনন্দেৰে

যদি খোজা বজাব

হাঁহি হাঁহি বিধিৰ লিপি

মানিলেই হ’ব ।

দুখত যদি হাঁহি থাকা

মচি তোমাৰ নয়ন,

আকাশতে থকাজনে

লিখে কপালৰ লিখন ।

 

জীৱনৰ আন এটি নাম

পদুম পাতৰ পানী,

প্ৰভাতে যে কাল সন্ধিয়াৰ

নেজানে আঁচনি, আঁচনি ।

 

কোনে জানে কাহানি হয়

উশাহৰ মৰণ,

আকাশতে থকাজনে

লিখে কপালৰ লিখন ।

আকাশতে থকাজনে

লিখে কপালৰ লিখন ।

 

কোনে জানে তোমাৰ সপোন

হ’ব নে পূৰণ ?

আকাশতে থকাজনে

লিখে কপালৰ লিখন ।

Hits: 1497